Random Video

হুকহুকাই কান্দিছে এগৰাকী বৃদ্ধা||Old Lady Crying infront camera

2022-10-18 4 Dailymotion

কেমেৰাৰ সন্মুখত হুক হুকাই কান্দিছে এগৰাকী বৃদ্ধাই।

একাংশ লোকে বৃদ্ধা গৰাকীক দিছে যদিও বৃদ্ধা গৰাকীয়ে ৰখাব পৰা নাই চকুৰ পানী।

নিজৰ ঘৰখন হেৰুৱাই এইদৰে শোকত ভাঙি পৰিছে বৃদ্ধা গৰাকী।

নিশা অহা এজাক ধুমুহা আৰু প্ৰৱল বৃষ্টিপাতত ভাঙি পৰিছে বৃদ্ধা গৰাকীৰ ঘৰ।

গোলাঘাট জিলাৰ এটা প্ৰান্তত বিস্তৰ ক্ষতিসাধন কৰে ধুমুহা আৰু প্ৰৱল বৃষ্টিপাতে।

গোলাঘাট জিলাৰ মক্ৰং, আঠখেলীয়া, নাওবৈচা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত ধুমুহাৰ ফলত বহু পৰিয়ালৰ বাসগৃহ ভাঙি পৰে।

প্ৰকাণ্ড প্ৰকাণ্ড গছ ধুমুহাত ভাঙি পৰাত বহু লোকৰ ঘৰৰ ক্ষতি সাধন হোৱাৰ লগতে মূল পথসমূহ বন্ধ হৈ পৰিছে।

ইফালে ধুমুহাই বিদ্যুতৰ খুটা সমূহ উভালি পেলোৱাত অঞ্চল সমূহত ব্যাহত হৈ পৰিছে বিদ্যুত যোগান।

উল্লেখযোগ্য যে, ধুমুহাৰ ফলত শস্যভূমিও ব্যাপক ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।